কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আজি অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত অৰিয়েণ্টেচন প্ৰগ্ৰেম অন টিচিং মেথড’লজী ফৰ টীচাৰ্ছ অব চায়েন্স এণ্ড মেথমেটিকছ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ মুঠ ৩৩টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ একোজনকৈ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মাধ্যমিক শিক্ষা পৰিষদে ইতিমধ্যে গ্ৰহণ কৰা প্ৰশ্নকাকতৰ ধৰণ পৰিৱৰ্তনৰ ফলত শিক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত প্ৰশিক্ষণত আলোচনা কৰা হয়। এই কাৰ্যসূচীত বিজ্ঞান বিষয়ৰ সমল ব্যক্তি হিচাপে আর্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিকৰ শিক্ষয়িত্ৰী সংগীতা শৰ্মা, স্বৰ্ণ বিদ্যাপীঠৰ শিক্ষয়িত্ৰী ভৱানী দাস আৰু গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিকৰ শিক্ষয়িত্ৰী বৰ্ণালী শৰ্মা উপস্থিত থাকে। আনহাতে, গণিত বিষয়ৰ সমল ব্যক্তি হিচাপে বোন্দা আঞ্চলিক উচ্চ মাধ্যমিকৰ শিক্ষক নীলকমল মিশ্র, ধাৰাপুৰ উচ্চতম মাধ্যমিকৰ শিক্ষক হিমাংশু কলিতা আৰু পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিপু কুমাৰ দাসে অংশগ্ৰহণ কৰে।
Site Admin | June 6, 2024 8:45 PM | Kamrup
কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অৰিয়েণ্টেচন প্ৰগ্ৰেম অন টিচিং মেথড’লজী ফৰ টীচাৰ্ছ অৱ চায়েন্স এণ্ড মেথমেটিকছ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী
