ডাউনলোড
মোবাইল এপ

android apple
signal

মাজুলীৰ কমলাবাৰী-নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা আজি পুনৰ আৰম্ভ

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা আজি পুনৰ আৰম্ভ হ’ব। টিকট ক্রয় প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্রকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে যোৱা ২০ অক্টোবৰৰ পৰা নিয়মীয়া ফেৰী সেৱা বন্ধ ৰাখিবলগীয়া হৈছিল। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগে কেন্দ্ৰীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত ২৫ অক্টোবৰৰ পৰা খনন কাৰ্য চলাই জলপথটো ফেৰী চলাচলৰ বাবে সুগম কৰি তুলিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক