কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত প্রার্থী কামাখ্যা প্রসাদ তাছাৰ নির্বাচনী প্ৰচাৰ অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰচাৰ অভিযান তুংগত উঠিছে। কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত বিজেপি প্রার্থী কামাখ্যা প্রসাদ তাছাৰ সমৰ্থনত বিজেপি-অগপ-সন্মিলিত গণশক্তিৰ কৰ্মকৰ্তাসকলে নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

এই প্ৰচাৰ কাৰ্যসূচীক অধিক জনমুখী কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ৭ এপ্ৰিলত বোকাখাটৰ বিহৰাৰ কুঁহিয়াৰবাৰীত এখন নির্বাচনী জনসভা সম্বোধন কৰিব। বোকাখাটত থকা বোকাখাট বিধানসভা সমষ্টিৰ মিত্ৰদলসমূহৰ যুটীয়া নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ কালি মন্ত্ৰী অতুল বৰাই এই ৰাজহুৱা সমাৱেশৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিগবৈ, মাকুম আৰু টিংখঙত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মাৰ্ঘেৰিটাত বিজেপিৰ ৫ খনকৈ নিৰ্বাচনী সভাত অংশ লৈ প্ৰচাৰ চলায়। নির্বাচনী সভাৰ অন্তত মাৰ্ঘেৰিটাতে এটা পদযাত্ৰাতো তেওঁ অংশগ্ৰহণ কৰে। শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ জিলাৰ অগপৰ কাৰ্যালয়ত কালি এখন নির্বাচন কেন্দ্রিক বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকি অগপৰ সাধাৰণ সম্পাদক প্রবীন হাজৰিকা আৰু অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাঞিয়ে এন ডি এৰ সমৰ্থিত বিজেপি প্ৰাৰ্থী ৰণজিৎ দত্তক জয়ী কৰাৰ উদ্দেশ্যে দলৰ সকলো সদস্য কৰ্মীকে নিষ্ঠাৰে কাম-কাজ আগবঢ়াই নিবলৈ আহ্বান জনায়। ইপিনে, বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কালি সন্ধিয়া বজালী জিলাৰ কঠালমুৰী ঘাটত অনুষ্ঠিত এখন নির্বাচনী সভাত অংশ লৈ প্ৰচাৰ চলায়। বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি এখন সংবাদমেল যোগে বৰপেটা লোকসভা সমষ্টিৰ বাবে বি পি এফৰ প্ৰাৰ্থী হিচাপে ছমেজ উদ্দিনৰ নাম ঘোষণা কৰে। উল্লেখযোগ্য যে বি পি এফে ৰাজ্যখনৰ মুঠ ৫ টা সমষ্টিত প্রার্থী আগবঢ়াব আৰু ইতিমধ্যে ইয়াৰে চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। অচিৰেই বাকী থকা গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব বুলি হাগ্ৰামা মহিলাৰীয়ে সংবাদমেলখনত প্ৰকাশ কৰে।

 

↵ More News : 

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ক্ৰ’ৱেছিয়াত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ ৪গৰাকী খেলুৱৈ

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জত ভাৰতৰ বেডমিণ্টন খেলুৱৈ অনমোল খাৰ্বে মহিলা ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অধিক পঢ়ক

সকলো চাওক