অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ অব্যাহত আছে। অম্বুবাচী  মেলাৰ আজি তৃতীয় দিনাও বিভিন্ন বেশ-ভূষাৰ সাধু, সন্ন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালি বন্ধৰ দিন হোৱা বাবে ভক্তৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি হয়। অম্বুবাচী মেলা পৰিচালনা সমিতি আৰু আৰক্ষী প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়মসমূহ সকলোকে মানি চলিবলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে পৰহিলৈ দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে অহা ৩০ জুনলৈ কোনোধৰণৰ ভি আই পি, ভি ভি আই পিৰ প্রৱেশ পত্রৰ ব্যবস্থা ৰখা হোৱা নাই। একেদৰে ২৬ মাৰু ২৭ জুনত বিশেষ টিকটৰ ব্যবস্থা নাথাকিব। অম্বুবাচী মেলাৰ বাবে প্রশাসনে কাইলৈ মাজনিশালৈ গাড়ী-মটৰ চলাচলত বিশেষ নির্দেশনা জাৰি কৰিছে। যান-বাহন শাখাৰ উপায়ুক্তই জনোৱা মতে কেইবাটিও পথত বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তীৰ্থাত্ৰী, ভক্ত, দিব্যাংগসকলৰ সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন সেৱাৰে জড়িত যান-বাহনৰ চলাচল সূচল কৰাৰ বাবে এই বাধা-আৰোপ কৰা হৈছে। ইপিনে, ভক্তসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্রতি লক্ষ্য ৰাখি কামাখ্যা ৰে’ল ষ্টেচন আৰু পাণ্ডুঘাটত দুটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিছে। মহোৎসৱৰ প্ৰতি লক্ষ্য আৰক্ষী প্রশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ইপিনে, কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক