২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি; কামাখ্যাত অম্বুবাচী মেলাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

শক্তিপীঠ কামাখ্যা ধামত পৰহিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে অসম চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে পৰহি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। সমিতিয়ে প্রকাশ কৰা মতে কাইলৈৰ পৰা ৩০ জুনলৈ কোনোধৰণৰ ভি আই পি, ভি ভি আই পি প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব। একেদৰে ২৬ জুনৰ পৰা ২৭ জুনলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ দিনকেইটাত নিশা ৮ বজাপর্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা ৯ বজা পর্যন্ত খোলা থাকিব। অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে প্ৰকাশ কৰা মতে এইবেলি মেলাত অংশ লোৱা ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইপিনে, কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। জিলা আয়ুক্তৰ নির্দেশমৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে পৰহিৰে পৰা ২৬ জুনলৈ কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহক আহ্বান জনাইছে। জিলাখনৰ অন্তর্গত সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে। কোনো বিদ্যালয়ে যদি অম্বুবাচী মেলাৰ দিনকেইটাত পৰীক্ষা দিন ধাৰ্য কৰিছে তেন্তে সেয়া সাল-সলনি কৰিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ সমাগমৰ ফলত ছাত্ৰ-ছাত্ৰীৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক