ডাউনলোড
মোবাইল এপ

android apple
signal

October 30, 2024 8:36 PM | kali puja diwali

printer

কালী পূজা-দীপাৱলী উপলক্ষে জনসাধাৰণৰ ব্যাপক উৎসাহ, প্রদূষণ নিয়ন্ত্রণ ব’র্ডৰ সেউজ দীপাৱলী উদযাপনৰ আহ্বান

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে বিক্রেতাসকলে অস্থায়ী বিপণী মুকলি কৰি দীপাৱলীৰ বাবে চাকি, ফটকাকে ধৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছে। মহানগৰীৰ বাট-পথসমূহো আলোকমালাৰে সজ্জিত কৰি তোলা হৈছে। মৃৎশিল্পীসকলে প্ৰস্তুত কৰা মাটিৰ চাকিৰে বজাৰসমূহ ভৰি পৰিছে। ইয়াৰ লগতে বিভিন্ন বিজুলী বাতি তথা অন্যান্য প্রয়োজনীয় পূজাৰ উপকৰণ আৰু সা-সামগ্ৰীৰে দোকানসমূহ সজাই তোলা হৈছে। বাসগৃহসমূহো আটক ধুনীয়াকৈ আলোকমালাৰে সজ্জিত কৰা হৈছে। সমান্তৰালকৈ কালী পূজাৰ বাবে মন্দিৰসমূহত ব্যাপক প্রস্তুতি চলা পৰিলক্ষিত হৈছে।

ইপিনে, প্রদূষণ নিয়ন্ত্রণ বোর্ডে সকলোকে সেউজ দীপাৱলী উদযাপন কৰিবলৈ আহ্বান জনাইছে। দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত ৰাজহুৱা শান্তি-শৃংখলা, সুৰক্ষা তথা শব্দ প্ৰদূষণ ৰোধ কৰাৰ স্বাৰ্থত আৰু দেশৰ উচ্চতম ন্যায়ালয়ৰ আৰু পৰিৱেশ সুৰক্ষা নিয়ম ১৯৮৬ৰ প্ৰতি সন্মান জনাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ সংশ্লিষ্ট ধাৰাৰ অধীনত নগাঁও জিলাত জাৰি কৰা নিষেধাজ্ঞা অনুসৰি দীপাৱলীৰ দিনা নিশা ১০ বজালৈ আৰু ষট পূজাৰ দিনা পুৱা ৬ বজাৰ পৰা ১০ বজালৈকে নাগৰিকে ফটকা ফুটাব পাৰিব।

শব্দ, বায়ু প্ৰদূষণবিহীন দীপাৱলী পালন কৰাৰ উদ্দেশ্যে তামুলপুৰ পৌৰ সভা আৰু অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ তামুলপুৰ খণ্ডৰ যুটীয়া উদ্যোগত আজি সেউজ দীপাৱলীৰ এটা শোভাযাত্ৰা উলিওৱা হয়। এই সেউজ দীপাৱলী উদযাপনৰ উদ্দেশ্য হ’ল মাটিৰ চাকিৰ ব্যৱহাৰ তথা শব্দ আৰু বায়ু প্ৰদূষণবিহীনভাৱে দীপাৱলী পালন কৰা। শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰাৰ বাবে বিভিন্ন শ্ল’গান দি জনসাধাৰণক আহ্বান জনায়। পোহৰৰ উৎসৱ দীপান্বিতা নিৰাপদে অনুষ্ঠিত কৰাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে কেতবোৰ পদক্ষেপ লোৱাৰ লগতে নিৰ্দেশনাও জাৰি কৰিছে। এই নিৰ্দেশমৰ্মে জিলাখনত অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগক সষ্টম হৈ থাকিবলৈ কোৱা হৈছে। প্ৰদূষণ ৰোধ কৰাৰ বাবে জনসাধাৰণক সেউজ দীপাৱলী পালন কৰাৰ লগতে জিলাখনৰ পেট্ৰ’ল পাম্পসমূহৰ আশে-পাশে ফটকা ফুটুৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি এই সময়ছোৱাত আৰক্ষী আৰু জিলা পৰিবহণ বিভাগক সুৰাপান কৰি আৰু তীব্ৰ গতিৰে গাড়ী চলোৱাৰ পৰা বিৰত থকা তথা পথ সুৰক্ষাৰ অন্যান্য নিয়মসমূহ মানি চলিবলৈ কোৱা হৈছে।

উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মহা প্ৰৱন্ধকে ফটকা প্ৰস্তুত কৰা উদ্যোগ পৰিদৰ্শন কৰি এই উদ্যোগৰ কৰ্মচাৰীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত স্বত্বাধিকাৰীসকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে পর্যালোচনা কৰে। সেউজ আৰু প্ৰদূষণমুক্ত দীপাৱলী উদযাপনৰ বাবে জনসাধাৰণক আহ্বান জনাই প্ৰকৃতিপ্ৰেমী দেৱাংগ মহলীয়াৰ।

অধিক পঢ়ক

সকলো চাওক