ডাউনলোড
মোবাইল এপ

android apple
signal

September 11, 2024 8:23 PM | kajirabal

printer

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ চেপ্তেম্বৰলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি সুৰানীতি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ অহা ২৫ চেপ্তেম্বৰলৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ কলিযোৱাৰ পাছত দিল্লীত তিহাৰ কাৰাগাৰৰ পৰা ভিডিঅকনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মুখ্যমন্ত্ৰী কেজৰিৱালক ৰাউজ এৱিনিউ আদালতত হাজিৰ কৰোৱা হয়। চিবিআইয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত ৰাউজ এৱিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাৱেৰী বাৱেজাই মুখ্যমন্ত্ৰী কেজৰিৱালক আজি আদালতত উপস্থিত হোৱাৰ বাবে বিগত সপ্তাহত জাননী জাৰি কৰিছিল। ইয়াৰ পূৰ্বে চিবিআইয়ে আৱকাৰী নীতিৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে আদালতত পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল। ইপিনে, চিবিআইয়ে মুখ্যমন্ত্রী কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই তথা দুৰ্নীতিৰ গোচৰত জামিন বিচাৰি তেওঁ উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ ৰায় এতিয়ালৈ প্ৰদান কৰা হোৱা নাই। ইতিমধ্যে একেটা গোচৰতে আপৰ নেতা দুর্গেশ পাঠকৰ জামিন দিল্লী ন্যায়ালয়ে মঞ্জুৰ কৰিছে।

অধিক পঢ়ক

সকলো চাওক