ডাউনলোড
মোবাইল এপ

android apple
signal

কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানত ‘আৰক্ষী স্মৃতি দিৱস’ পালন

দেশ আৰু জাতিৰ হকে প্ৰাণ আহুতি দিয়া জোৱানসকলক স্মৰণ কৰি অসম আৰক্ষীয়ে আজি কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানত আৰক্ষী স্মৃতি দিৱস পালন কৰে। এই দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত আৰক্ষী জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই কয় যে চলিত বৰ্ষত সমগ্ৰ দেশত ২১৪ জন কৰ্তব্যৰত আৰক্ষী জোৱানৰ মৃত্যু হয়। এইসকলৰ ভিতৰত অসমৰো ছজন জোৱানে প্ৰাণ আহুতি দিবলগীয়া হৈছিল। দেশৰ প্ৰতি এনে সৰ্বোচ্চ বলিদানৰ বাবে জোৱানসকলক আজিৰ দিনটোত স্মৰণ কৰা হৈছে বুলি শ্ৰী আচাৰ্যই ব্যক্ত কৰে। ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী স্মৃতি দিৱসৰ আজিৰ দিনটোত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমযোগে আইন-শৃংখলা ৰক্ষা আৰু নাগৰিক সুৰক্ষা সুনিশ্চিত কৰা অহৰ্নিশে কৰ্তব্যৰত আৰক্ষীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

যোৰহাটতো জিলা আৰক্ষীৰ উদ্যোগত পুলিচ ৰিজাৰ্ভত আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। জিলা আৰক্ষী অধীক্ষকে মুখ্য অতিথিৰূপে যোগদান কৰা অনুষ্ঠানটোত কৰ্তব্যৰত আৰক্ষী বিষয়াসকলক স্মৰণ কৰা হয়। তেওঁলোকৰ সাহস আৰু নিষ্ঠা সমাজৰ বাবে পাথেয় স্বৰূপ বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক