ডাউনলোড
মোবাইল এপ

android apple
signal

February 8, 2025 1:34 PM | Jyoti Chitraban

printer

গুৱাহাটী এছিয়ান চলচিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।জ্যেতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আজি মৃদুল গুপ্তা পৰিচালিত কাৰ্বি ছবি মিৰবিন আৰু ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত চীনৰ ছবি দ্যা গ্রেট ফুকেট প্ৰদৰ্শিত হ’ব। মহোৎসৱৰ কালি উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেত্রী শিবা চাদ্দা, শ্ৰীলংকাৰ চলচ্চিত্ৰ পৰিচালক প্ৰচন্ন ভিথানাগে চিত্রনাট্যকাৰ আকাশাদিত্য লামা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি নির্মাতা মঞ্জু বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। কালিৰ কাৰ্যসূচীত চলচ্চিত্ৰ নিৰ্মাণ বিষয়ত এখন আলোচনাচক্রও অনুষ্ঠিত হয়। এই আলোচনাত চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

তিনিদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ইৰাণ, নেপাল, উজবেকিস্তান, কাজাখস্তান, বাংলাদেশ, হংকং, আজাৰবাইজান, ফিলিপিন্‌ছ, শ্রীলংকা আৰু তুৰস্কৰ কুৰিখন নিৰ্বাচিত ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত উত্তৰ-পূৰ্বাঞ্চলৰ ভালেকেইখন ছবি প্ৰদৰ্শনৰো দিহা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক