ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। উল্লেখযোগ্য যে শ্রী খান্না ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ স্থলাভিষিক্ত হৈছে। ১৯৬০ চনৰ ১৪ মে’ত জন্মগ্ৰহণ কৰা ন্যায়াধীশ সঞ্জীৱ খান্নাই ১৯৮৩ চনত দিল্লী বাৰ কাউন্সিলত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁক ২০০৫ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল। ২০১৯ চনত ন্যায়াধীশ খান্নাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰাৰ ক্ষেত্ৰত ন্যায়াধীশ সঞ্জীৱ খান্নাই ভূমিকা গ্ৰহণ কৰিছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ন্যায়াধীশ খান্নাক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত গ্রহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ লগতে ন্যায়াধীশগৰাকীৰ কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
Site Admin | November 11, 2024 6:39 PM | Justice Sanjiv Khanna takes oath as 51st Chief Justice of India at Rashtrapati Bhavan