জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব

♦ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰক শক্তিশালী কৰি তুলিবলৈ আৰু ভোটাদাতাৰ সমৰ্থন আদায় কৰিবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব। শ্রীনাড্ডাই আজি ভ্ৰমণৰ প্ৰথম দিনটোত আলমোৰা লোকসভা সমষ্টিৰ পিথোৰাগড় আৰু তেহৰী লোকসভা সমষ্টিৰ বিকাশনগৰত বিজেপি প্রার্থীৰ সমৰ্থনত আয়োজিত সভাত ভাষণ দিয়াৰ কথা আছে। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি তেওঁ আজি পিথোৰাগড়ত এখন সভাত ভাষণ দিব। ইয়াৰ পাছতে তেওঁ বিয়লি প্রায় ৪ বজাত ডেৰাডুনৰ বিকাশ নগৰত আন এখন জনসভা সম্বোধন কৰিব।

কাইলৈ শ্ৰীনাড্ডাই ভাৰতীয় জনতা পাৰ্টিয়ে সংস্কৃতি আৰু ধৰ্মক জনোৱা সন্মানৰ প্ৰতীক হিচাপে হৰিদ্বাৰৰ পূজ্য সন্তসকলক সাক্ষাৎ কৰি আশীৰ্বাদ গ্রহণ কৰিব। ইয়াৰ পাছতে তেওঁ এটা ৰোডশ্ব’ত অংশ ল’ব। ৰোড শ্ব’টোৰ জৰিয়তে অঞ্চলটোত বিজেপিৰ শক্তিশালী স্থিতি আৰু প্ৰচাৰ প্ৰদৰ্শন কৰা হ’ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে হৰিদ্বাৰত হ’বলগীয়া ত্রিশক্তি সন্মিলনৰ সময়ত দলীয় সদস্যসকলৰ সৈতে নির্বাচন সম্পৰ্কীয় আলোচনাত ভাগ ল’ব। শ্ৰীনাড্ডাৰ ভ্ৰমণৰ কাৰ্যসূচীত জনসংযোগৰ উপৰি কেইবাখনো সাংগঠনিক সভাও আছে। ৰাজ্যখনৰ পাঁচোটা লোকসভা সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ মুঠ ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটদাতাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব।

অধিক পঢ়ক

সকলো চাওক