বিজেপিৰ সভাপতি জে পি নাড্ডাই মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ কৰি তোলা বুলি কংগ্ৰেছক অভিযোগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ প্ৰতি সঁহাৰি জনাই শ্ৰী নাড্ডাই এই অভিযোগ তোলে। বিজেপিৰ সভাপতিগৰাকীয়ে শ্ৰী খাৰ্গেলৈ লিখা পত্ৰখনত উল্লেখ কৰে যে সুৰক্ষা আৰু প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰত থকা পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দায়িত্বহীন ৰণনীতি হৈছে উগ্ৰপন্থী আৰু হিংসা বিয়পোৱা সংস্থাসমূহে মণিপুৰৰ শান্তি বিঘ্নিত কৰাৰ মূল কাৰণ। তেওঁ কয় যে বিগত ১০ বছৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি, নিৰাপত্তা, স্বাস্থ্য, শিক্ষা, বিকাশৰ সুযোগ আদিকে ধৰি প্ৰতিটো খণ্ডত বৃহৎ পৰিৱৰ্তন সাধন কৰা হৈছে। পূৰ্বে উত্তৰ পূৰ্বাঞ্চল খণ্ডত প্ৰায় প্ৰতিদিনে গুলী-চালনা বা বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল বুলি উল্লেখ কৰি শ্ৰী নাড্ডাই লগতে কয়, যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে এই খণ্ডই শান্তি, সমৃদ্ধি আৰু বিকাশৰ সাক্ষী হৈছে। শ্ৰী নাড্ডাৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয়, যে মণিপুৰৰ জনসাধাৰণে ৰাজ্যখনত যিমান পাৰি সোনকালে স্বাভাৱিক পৰিস্থিতি ঘুৰি অহাৰ লগতে শান্তি আৰু ঐক্য কামনা কৰিছে।
Site Admin | November 22, 2024 5:50 PM | JP Nadda