ডাউনলোড
মোবাইল এপ

android apple
signal

February 21, 2025 8:27 PM | Joyshowal

printer

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে ভাৰতত আমেৰিকাৰ পুঁজি সন্দৰ্ভত প্ৰকাশ পোৱা শেহতীয়া বাতৰি সন্দৰ্ভত সংশ্লিষ্ট বিভাগ আৰু সংস্থাই অনুসন্ধান চলাই আছে।

সূত্ৰটোৱে জনোৱা মতে আমেৰিকাৰ পৰা বিমানত পানামা আৰু কষ্টাৰিকালৈ পঠিওৱা নাগৰিকসকলৰ সন্দৰ্ভত পানামাস্থিত ভাৰতীয় মিছনে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ চলাই আছে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছৱালে কয় যে সেই নাগৰিকসকল ভাৰতীয় হয় নে নহয় সেই বিষয়েও সবিশেষ তথ্য পৰীক্ষা কৰি থকা হৈছে। এই পৰীক্ষা-নিৰীক্ষাৰ অন্তত ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীজয়ছৱালে কয় যে পানামালৈ পঠিওৱা লোকসকল আমেৰিকাত অবৈধভাৱে বসবাস কৰি আছিল। আমেৰিকাই বিমানযোগে অমৃতসৰলৈ পঠিওৱা ভাৰতীয়সকলৰ সন্দৰ্ভতো আমেৰিকা চৰকাৰক ভাৰতৰ উদ্বেগ বিষয়ে জনোৱা হৈছে। ভাৰত চৰকাৰে আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়সকলক মানৱীয় ব্যৱহাৰ কৰাৰ লগতে ধর্মীয় সহিষ্ণুতা প্ৰদৰ্শন কৰিবলৈও আমেৰিকান চৰকাৰক আহ্বান জনাইছে। শ্ৰীজয়ছৱালে জনায় যে যোৱা ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত আমেৰিকাৰ পৰা অমৃতসৰলৈ বিতাড়িত কৰা ভাৰতীয়সকলৰ বিমান যাত্ৰাৰ সময়ত মহিলা আৰু শিশুসকলক কোনো ধৰণে অপমান কৰা হোৱা নাছিল।

অধিক পঢ়ক

সকলো চাওক