দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ বিদেশ মন্ত্ৰীৰ বৈঠকৰ আপাহতে আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চীনৰ প্ৰতিপক্ষ ৱাং য়ীৰ সৈতে বৈঠকত মিলিত হয়। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয়, যে বৈঠকত তেওঁলোকে সীমান্ত অঞ্চলত শান্তিৰ বাবে দ্বিপাক্ষিক সম্পর্ক উন্নীতকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বৈঠকত কৈলাশ মানসৰোৱৰ যাত্ৰা, পোনপটীয়া বিমান সংযোগ পুনৰ আৰম্ভ কৰা, ভ্ৰমণৰ সুবিধা আদিৰ বিষয়ে আলোচনা কৰা হয় বুলি মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে৷
বৈঠকৰ মুকলি ভাষণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰে কয়, যে ভাৰত আৰু চীনে জি- ২০ক এটা প্রতিষ্ঠান হিচাপে সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। ভাৰত আৰু চীন জি-২০, এছচিঅ’ আৰু ব্ৰিকছৰ সদস্য বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।