বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত চিন্তা ব্যক্ত কৰি কয়, যে ভাৰতে সন্ত্ৰাসবাদ আৰু জনসাধাৰণক পণবন্দী কৰাৰ দৰে ঘটনাক সমানেই নিন্দা কৰে। ইটালীৰ ৰোমত ভূমধ্যসাগৰীয় আলোচনা সম্পৰ্কীয় সন্মিলনত নিজৰ উদ্বোধনী ভাষণত ড০ জয়শংকৰে এই মন্তব্য কৰি কয়, যে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন কোনো কাৰণতেই অৱহেলা কৰিব পৰা নাযায় আৰু সকলো দেশকে যুদ্ধ বিৰতিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ তেওঁ আহ্বান জনায়। তেওঁ পেলেষ্টাইনৰ জনসাধাৰণৰ ভৱিষ্যতৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ড০ জয়শংকৰে দুয়োখন ৰাষ্ট্ৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰতে আগবঢ়োৱা সমর্থনৰ কথা দোহাৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে সংঘৰ্ষ বৃদ্ধি পোৱা সন্দৰ্ভত নতুন দিল্লীৰ বৰ্ধিত উদ্বেগৰ বিষয়েও প্রকাশ কৰে। ভাৰতে ইজৰাইল আৰু ইৰাণ – দুয়োখন দেশৰ সৈতে শীৰ্ষ পৰ্য্যায়ত যোগাযোগ অব্যাহত ৰাখিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। ড০ জয়শংকৰে কয়, যে যিকোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক প্ৰয়াসৰ প্ৰতি ইতিবাচক অৰিহণা আগবঢ়াবলৈ ভাৰত সদায় আগ্রহী। তেওঁ কয়, যে যুদ্ধৰ দ্বাৰা বিবাদৰ নিষ্পত্তি কোনো কাৰণতে সম্ভৱ নহয় আৰু সেয়েহে আলোচনা আৰু কূটনীতিৰ জৰিয়তে ইয়াৰ নিষ্পত্তিৰ তেওঁ পোষকতা কৰে ৷
Site Admin | November 25, 2024 8:42 PM | DR. S. joysankar