সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্ত্বাৱধানত আৰু অসম ফুটবল সন্থাৰ পৰ্যৱেক্ষণ তথা যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত ল’ৰাৰ ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলখনত অসমে ১১-০ গ’লৰ ব্যৱধানত হাৰিয়ানাক পৰাস্ত কৰি ২০২৪-২৫ বৰ্ষৰ টিয়াৰ-২ চেম্পিয়নৰ খিতাপ দখল কৰে। অসমৰ থমাছ দৈমাৰীয়ে ৬টা গ’ল কৰি ডাবল হেট্ৰিক অৰ্জন কৰে। বঁটা প্ৰদান অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন, অসম ফুটবল সন্থা আৰু যোৰহাট ক্রীড়া সন্থাৰ বিষয়ববীয়াসকলৰ উপৰি কেইবাগৰাকীও প্রাক্তন খেলুৱৈ উপস্থিত থাকে।
Site Admin | September 21, 2024 7:19 PM | jorhat sub junior football assam