ডাউনলোড
মোবাইল এপ

android apple
signal

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলবিষয়ক কৰ্মশালাৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা ২২ এপ্ৰিলৰ পৰা সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলৰ বিষয়ে অনুষ্ঠিত প্রশিক্ষণ কর্মশালাৰ কালি সামৰণি পৰে। মেঘালয়ৰ শ্বিলঙত অৱস্থিত উত্তৰ-পূব অঞ্চলৰ সামুহিক সম্পদ ব্যৱস্থাপনা সমিতিৰ অৰ্থ সাহায্যত চাৰিখন ৰাজ্যৰ কুৰি গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° নীতিন কুলকার্ণীয়ে কৰ্মশালাৰ উদ্বোধন কৰে। প্ৰশিক্ষণৰ আৰম্ভণিতে প্ৰশিক্ষণ সঞ্চালক ৰাজীৱ কুমাৰ কলিতা আৰু গৱেষণা প্রতিষ্ঠানটোৰ সমন্বয়ক তথা জ্যেষ্ঠ বিজ্ঞানী ড° ৰাজীৱ কুমাৰ বৰাই অংশগ্ৰহণ কৰে। প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক সাঁচি গছৰ গুৰুত্ব, পুলি বাগান প্ৰস্তুতকৰণ, সাঁচি গছৰ বাৰী গঢ়ি তোলা আদিৰ লগতে আগৰৰ মূল্য সংযোজনৰ ক্ষেত্ৰত প্ৰশিক্ষণ আগবঢ়োৱা হয়। প্ৰশিক্ষণৰ শেষত অনুষ্ঠিত সামৰণী অনুষ্ঠানত প্রশিক্ষার্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়।

অধিক পঢ়ক

সকলো চাওক