কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্ৰীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মুগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই আহিছে। আজিৰ উদ্বোধনী অধিবেশনৰ পাছতেই প্রদর্শনী মুকলি, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ ইতিহাস দেৱাল আদি উন্মোচন, তথ্যচিত্ৰ আৰু স্মাৰক উন্মোচন, গ্ৰন্থ উন্মোচন কাৰ্যসূচী আদি লোৱা হব। এই অনুষ্ঠানত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে আজি কঁহৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত সমর্থ শীৰ্ষক আঁচনি উদ্বোধনী অনুষ্ঠানত অংশ লব। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ সহযোগত কেন্দ্ৰীয় ৰেচম বোর্ডে কাজিৰঙা প্ৰান্তীয় সম্প্ৰদায়ৰ শিপিনীসকলৰ বাবে সমৰ্থ আঁচনিৰ অধীনত দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচীৰ জৰিয়তে এশগৰাকী শিপিনীক সামৰি লব। ৩ ডিচেম্বৰলৈ চলিবলগীয়া এই প্ৰশিক্ষণ কার্যসূচীয়ে শিপিনীসকলক জীৱিকাৰ বিকল্প সুযোগ দিব বুলি আশা কৰা হৈছে।
Site Admin | October 24, 2024 1:08 PM | Pabrita Magheritta