ডাউনলোড
মোবাইল এপ

android apple
signal

June 29, 2024 9:03 PM | jorhat nia

printer

যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্রেনেড নিক্ষেপৰ ঘটনাত অভিযুক্ত ৩জনক এন আই এৰ আদালতত হাজিৰ

যোৰহাটৰ সেনা ছাউনীত বিগত বছৰত গ্রেনেড নিক্ষেপৰ ঘটনাৰ সৈতে জড়িত ৩ জন অভিযুক্তক আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ৰ আদালতত হাজিৰ কৰোৱা হয়। এই অভিযুক্তকেইজন বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুৎ গগৈ বুলি জানিব পৰা গৈছে। আজি তিনিওজন অভিযুক্তক আদালতত হাজিৰ কৰোৱাই গোচৰৰ প্ৰতিলিপি প্রদান কৰা হয়। এন আই এৰ অভিযোগানামাত নাম উল্লেখিত আন এজন অভিযুক্ত পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এয়ে যোৱা বুধবাৰে যোৱা বছৰ উগ্ৰপন্থী সংগঠন আলফাই যোৰহাটৰ এটা সামৰিক ঘাটিত গ্রেনেড নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। যোৰহাটৰ লিচুবাৰী সামৰিক ঘাটিত যোৱা ১৪ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছিল। উগ্ৰপন্থী সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সেনা ছাউনীসমূহত ষড়যন্ত্ৰৰ পৰিকল্পনাৰ অংশ হিচাপে এই ঘটনা সংঘটিত কৰিছিল। ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সেনা ছাউনীতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে ১৫ ডিচেম্বৰত এই ঘটনাৰ দায়িত্ব গ্ৰহণ কৰি এটা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছিল। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ম্যানমাৰত থকা আলফা স্বাধীনৰ স্বয়ম্ভূ কেপ্টেইন অভিজিৎ গগৈ আৰু সংগঠনটোৰ মুৰব্বী পৰেশ বৰুৱাই এই ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল বুলি প্ৰকাশ পাইছে।

অধিক পঢ়ক

সকলো চাওক