August 17, 2024 7:54 PM | Jorhat district

printer

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ তত্বাৱধানত বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ

যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়াসকলৰ তত্বাৱধানত আজি জিলাখনৰ বিভিন্ন ঠাইত ডিজিটেল শস্য জৰীপ আৰম্ভ হৈছে। পূব যোৰহাট, পশ্চিম যোৰহাট, তিতাবৰ, মৰিয়নি আৰু টীয়কৰ বিভিন্ন ঠাইত কৃষি বিভাগৰ ডিজিটেল শস্য জৰীপৰ লগত জড়িত জৰীপকর্তা, তত্বাৱধায়ক আৰু প্ৰামাণিকসকলৰ সহযোগত এই জৰীপ কাৰ্য সম্পাদন কৰিবলৈ লোৱা হৈছে। এই ব্যৱস্থাই জিলাখনৰ কৃষকসকলৰ এখন সম্পূৰ্ণ ডাটাবেছ প্ৰস্তুত কৰি ভৱিষ্যতে প্রয়োজন সাপেক্ষে কৃষকৰ তথ্যসমূহ ব্যৱহাৰৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব। শস্যৰ জৰীপে কৃষিভূমিৰ তথ্য সংৰক্ষণ কৰাৰ উপৰি আনুসংগিক শস্যৰ বৈচিত্ৰ নিৰ্ণয়, কৃষিভূমি অনুযায়ী শস্যৰ বিতৰণ আৰু সম্ভাৱ্য শস্য উৎপাদনকে ধৰি বিভিন্ন পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰতো সহায় কৰিব।  ইয়াৰ লগতে কৃষি ঋণ, প্রধানমন্ত্রী কৃষক সন্মান নিধি, প্রধানমন্ত্রী ফচল বীমা যোজনাৰ দৰে কৃষি বিভাগৰ অভিলাষী আঁচনিসমূহৰ ৰূপায়ণতো ডিজিটেল শস্য জৰীপে সহায় কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক