যোৰহাটৰ ম’হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় দিনা নাম-প্ৰসংগ, মুকলি সভা, সাংস্কৃতিক শোভাযাত্ৰা আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পৰিৱেশ নিকাকৰণ আৰু প্ৰাতঃ প্ৰসংগৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই অধিৱেশনৰ ধৰ্মধবজা উত্তোলন কৰে। ইয়াৰ পাছত ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক ভক্ত, যুৱক-যুৱতী, মহিলা তথা বিভিন্ন জাতি- ধৰ্মৰ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আজি অধিৱেশনৰ মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আছে।
Site Admin | February 8, 2025 1:33 PM | Jorhat
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি তৃতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন
