বিৰোধী পক্ষৰ সদস্যসকলৰ প্ৰতিবাদৰ মাজতে সংসদৰ দুয়োখন সদনতে আজি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিয়ে প্রতিবেদন দাখিল কৰে। দিনৰ ২ বজালৈ লোকসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ অন্তত সদন যেতিয়া পুনৰ আৰম্ভ হয়, তেতিয়া যুটীয়া সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে সদনত প্ৰতিবেদন দাখিল কৰে। লগে লগে বিৰোধীপক্ষৰ সদস্যসকলে কোলাহলৰ সৃষ্টি কৰে। ইয়াৰ মাজতে কেন্দ্রীয় গৃহমন্ত্রীয়ে কয়, যে লোকসভাৰ অধ্যক্ষ ওম বিলাই যদি বিৰোধী পক্ষৰ দাবী অনুসৰি মতভেদ টোকা সংযোজন কৰাৰ অনুমতি প্রদান কৰে তেন্তে এইক্ষেত্ৰত বিজেপিৰ কোনো আপত্তি নাই। কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টী, টি এম চি আৰু আন সদস্যসকলে এই প্রতিবেদনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সদনৰ পৰা ওলাই যায়।
ইয়াৰ পূৰ্বে ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ প্ৰতিবেদনক লৈ বিৰোধীপক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত লোকসভা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ আন সদস্যসকলে বিষয়টো লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী পক্ষৰ সদস্যসকলক সদনৰ কামকাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, যে যুটীয়া সমিতিৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত সকলো সদস্যকে তেওঁলোকৰ বক্তব্য ৰখাৰ বাবে অনুমতি দিয়া হ’ব। শ্রীবিৰলাই কয় যে সদনৰ প্ৰশ্নকাল অতি গুৰুত্বপূৰ্ণ আৰু হুলস্থূলীয়া পৰিস্থিতিৰে এই সময়ছোৱাত সদনৰ কাম-কাজত ব্যাঘাত জন্মোৱা অনুচিত। ইয়াৰ পাছতো একে পৰিস্থিতি বাহাল থকাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষ সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ঘোষণা কৰে।
ৰাজ্যসভাত আজি হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সমিতিৰ তথ্য দাখিল কৰা হয়৷ পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত বিজেপিৰ সাংসদ ড০ মেধা বিশ্রম কুলকর্ণীয়ে উচ্চ সদনত যুটীয়া সমিতিৰ প্ৰতিবেদনৰ প্ৰতিলিপি দাখিল কৰে। ইয়াৰ পাছতেই বিৰোধী পক্ষৰ সদস্যসকলে শ্লোগান দিবলৈ আৰম্ভ কৰাত সভাপতি জগদীপ ধনখড়ে তেওঁলোকক সদনৰ কাম-কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায় যদিও সকলো অথলে যায়। পাছত তেওঁ উচ্চ সদনৰ কাম-কাজ ১১ বাজি ২০ মিনিটলৈ স্থগিত ৰাখে।
ইয়াৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেই যুটীয়া সমিতিৰ বৈঠকত বিৰোধী সদস্যসকলে আগবঢ়োৱা মতামতক এই প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা নহ’ল বুলি অভিযোগ কৰে ৷ তেওঁ এই বিষয়টোক গণতন্ত্ৰ বিৰোধী বুলি উল্লেখ কৰি কয় যে এই প্ৰতিবেদনত যদিহে কোনো ধৰণৰ মাৰ্জিত দৃষ্টিভংগী নাই তেনেহ’লে ইয়াক পুনৰ সমিতিৰ পৰ্যালোচনাৰ বাবে ওভতাই পঠোৱা উচিত । কংগ্ৰেছৰ সাংসদ নাছিৰ হুছেইনেও একেই অভিযোগ কৰে। এই বিষয়টোৰ প্ৰতি সঁহাৰি জনাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে প্রতিবেদনত থকা কোনো এটা অংশই আঁতৰাই দিয়া নহয়। তেওঁ বিৰোধী পক্ষই সদনত বিষয়টো লৈ ভুল পথে পৰিচালিত কৰিছে বুলি অভিযোগ কৰি কয় যে সংসদীয় সমিতিয়ে নিয়ম অনুসৰি সমগ্ৰ বিষয়টো পৰিচালনা কৰিছে।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনেও একে ধৰণৰ মন্তব্য কৰি বিৰোধী পক্ষক ইয়াৰ বাবে সমালোচনা কৰে। উচ্চ সদনৰ নেতা জে পি নাড্ডাই বিৰোধী পক্ষৰ সদস্যসকলে ৰাজ্যসভাৰ সভাপতিয়ে বাৰে বাৰে সদনৰ কাম-কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনোৱাৰ পাছতো হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ বিৰোধী পক্ষক তেওঁলোকৰ দায়িত্বহীনতাৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰে। শাসকীয় পক্ষৰ প্ৰত্যুত্তৰত অসন্তুষ্টি ব্যক্ত কৰি বিৰোধী পক্ষৰ সদস্যসকলে নিজৰ স্থান পৰিত্যাগ কৰে। পাছত শ্ৰীনাড্ডাই এই বিষয়টোক লৈ বিৰোধী পক্ষৰ দৃষ্টিভংগী সন্দৰ্ভত প্ৰশ্ন কৰে।