ডাউনলোড
মোবাইল এপ

android apple
signal

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰে বিয়লি ৪ বজাত ৰাঁচীৰ মোৰহাবাদি ময়দানত আয়োজিত এটা অনুষ্ঠানত শ্ৰীছোৰেনক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ৰাঁচীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীছোৰেনে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী অখিলেখ যাদৱ আৰু আৰ জে ডিৰ জ্যেষ্ঠ নেতা তেজস্বী যাদৱে শপতগ্রহণ অনুষ্ঠানত ভাগ লোৱাৰ কথা আছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং শুকুও শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক