বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ দোদাৰ স্পৰ্টছ ষ্টেডিয়ামত এখন নির্বাচনী সভাক সম্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে, আমি একেলগে নিৰাপদ আৰু সমৃদ্ধিশালী জম্মু-কাশ্মীৰ গঢ়ি তুলিব লাগিব। তেওঁ কয় যে, এইবাৰৰ বিধানসভা নির্বাচনে কেন্দ্রীয় শাসিত অঞ্চলটোৰ ভৱিষ্যৎ নিৰুপণ কৰিব। শ্রী মোদীয়ে ভোটদাতাসকলক কয় যে, তেওঁলোকে ভৰষা কৰা ৰাজনৈতিক দলসমূহে তেওঁলোকৰ শিশুসকলক অৱহেলা কৰিছে আৰু নিজৰ পৰিয়ালৰ স্বাৰ্থহে সিদ্ধি কৰিছে। জম্মু-কাশ্মীৰ যুৱ প্ৰজন্ম সন্ন্যাসবাদৰ বিভিষিকাৰ বলী হৈছে আৰু পৰিয়ালবাদৰ প্ৰসাৰৰ চেষ্টা চলোৱা ৰাজনৈতিক দলসমূহে জনসাধাৰণক বিপথে পৰিচালিত কৰি আনন্দ লভিছে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে, তেওঁ জম্মু-কাশ্মীৰৰ প্ৰতিটো শিশুক উন্নত শিক্ষা প্ৰদান কৰিব বিচাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত কেইটামান বছৰত বিজেপি চৰকাৰে যুৱ প্ৰজন্মৰ কল্যাণৰ হকে কেন্দ্রীয় শাসিত অঞ্চলটোত কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয় মুকলি কৰিছে। বিজেপি চৰকাৰে শেহতীয়াকৈ দোদাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে জনাই অহা দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে বুলিও শ্রী মোদীয়ে উল্লেখ কৰে।
Site Admin | September 14, 2024 8:35 PM | PM Modi
জম্মু-কাশ্মীৰৰ দোদাৰ স্পৰ্টছ ষ্টেডিয়ামত এখন নির্বাচনী সভাক সম্বোধন প্ৰধানমন্ত্ৰীৰ
