September 25, 2024 12:20 PM | j&k election 2nd phase

printer

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ২৬ টা সমষ্টি সামৰি লোৱা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণৰ সন্ধিয়া ৬ বজাত সমাপ্তি ঘটিব। সর্বাধিক সংখ্যক লোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা দিয়াৰ বাবে অঞ্চলসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। নিকা, নিৰপেক্ষ আৰু মসৃণ ভোটগ্রহণ নিশ্চিত কৰিবলৈ নগৰ অঞ্চলত এহেজাৰ ৫৬ টা আৰু গাঁও অঞ্চলত দুহেজাৰ চাৰিশ ৪৬ টা ধৰি মুঠ তিনিহেজাৰ পাঁচশ ২ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। আটাইবোৰ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ সুবিধা কৰা হৈছে। এই পৰ্যায়ত নেচনেল কনফাৰেন্সৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ, কংগ্ৰেছ প্ৰদেশৰ মুৰব্বী তাৰিক হামিদ কাৰাহ, জম্মু-কাশ্মীৰ বিজেপিৰ অধ্যক্ষ ৰবিন্দৰ ৰাইনা আৰু অপনি পাৰ্টিৰ সভাপতি আলতাফ বুখাৰীৰ দৰে আগশাৰীৰ নেতাৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ’ব। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে। তৃতীয় পৰ্যায়ৰ ৪০খন আসনৰ বাবে অহা ১ অক্টোবৰত ভোটগ্রহণ হোৱাৰ বিপৰীতে ৮ অক্টোবৰত ভোটগণনা হ’ব

অধিক পঢ়ক

সকলো চাওক