September 24, 2024 7:41 PM | j&k election 2nd phase

printer

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ২৬টা সমষ্টিৰ ভোটগ্ৰহণ

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ভোটগ্রহণ মুক্ত, নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত ছখন জিলাৰ ২৬টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। নিৰ্বাচন হ’বলগীয়া জিলাকেইখনৰ ভিতৰত জম্মু অঞ্চলৰ ৰিয়াছি, ৰাজৌৰি আৰু পুঞ্চ তথা কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ, গান্দেবল আৰু বুডগাম আছে। এই পর্যায়ত প্রায় ২৫ লাখ ৭৮ হাজাৰ ভোটদাতাই ২৩৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ, পি চি চি ইউ টিৰ মুৰব্বী তাৰিক হামিদ কৰ্ৰা আৰু অপনী পাৰ্টীৰ সভাপতি আলতাফ বুখাৰি অন্যতম। ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ বাবে মুঠ ৩ হাজাৰ ৫০২ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু আটাইকেইটা কেন্দ্ৰতে ১০০ শতাংশ ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ২৪টা ভোটগ্রহণ কেন্দ্ৰত ১৫ হাজাৰ ৫০০ৰো অধিক দেশৰ বিভিন্ন প্ৰান্তত বাস কৰা কাশ্মীৰী পণ্ডিতে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। নির্বাচনী প্ৰক্ৰিয়া তদাৰক কৰি থকা সাহায্য আৰু পুনৰ্বাসন আয়ুক্ত অৰবিন্দ কৰৱানীয়ে কৈছে যে জম্মু-কাশ্মীৰত এনে ধৰণৰ ১৪ হাজাৰ ৭০০ ৰো অধিক পঞ্জীকৃত ভোটদাতা আছে। কেন্দ্ৰীয়শাসিত অঞ্চলটোত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে। ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬১ শতাংশৰো অধিক ভোটগ্রহণ হয়। ১ অক্টোবৰত নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। ৮ অক্টোবৰত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক