জম্মু-কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

দেশৰ নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন-পত্র দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৫ ছেপ্তেম্বৰত মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন আৰু অহা ৬ ছেপ্তেম্বৰত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। প্ৰাৰ্থীসকলে অহা ৯ ছেপ্তেম্বৰলৈ মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। অহা ২৫ ছেপ্তেম্বৰত এই পৰ্যায়ত জম্মু কাশ্মীৰৰ ৬ খন জিলাৰ ২৬টা বিধানসভা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। নির্বাচন অনুষ্ঠিত হ’বলগা জিলাকেইখন হ’ল- গণ্ডাৰবল, ৰাজৌৰী, শ্ৰীনগৰ, বুদগাম, পুঞ্চ আৰু ৰিয়াছী। উল্লেখযোগ্য যে সকলো পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফল অহা ৪ অক্টোবৰত ঘোষণা কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক