কেন্দ্রীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ২৭৯গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৪৪গৰাকীৰ মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। ৩৫গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে। প্ৰথম পৰ্যায়ত জম্মু-কাশ্মীৰৰ ২৪টা বিধানসভা সমষ্টিত ১৮ ছেপ্তেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব। নির্বাচন আয়োগৰ অধিসূচনা অনুসৰি ইচ্ছুক প্রার্থীসকলে কাইলৈ বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব ।
Site Admin | August 29, 2024 7:14 PM | j&k election 1st phase nomination