শীতকালৰ সময়ছোৱাত প্ৰতি বছৰৰ দৰে এইবছৰো জম্মুৰ প্ৰশাসনিক খণ্ডৰ কামসমূহ কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ ৰাজধানী শ্রীনগৰৰ পৰা জম্মুলৈ স্থানান্তৰ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই আজিৰে পৰা জম্মুৰ অসামৰিক সচিবালয়ৰ পৰা নিজৰ কাম-কাজসমূহ আৰম্ভ কৰিছে। আকাশবাণীৰ জম্মু-কাশ্মীৰৰ সংবাদদাতাই জনোৱা মতে, ওমৰ আব্দুল্লাই আজি এই বছৰ প্ৰথমবাৰৰ বাবে জম্মুৰ অসামৰিক সচিবালয় ভ্ৰমণ কৰি মন্ত্ৰী, বিধায়ক আৰু আঞ্চলিক নেতাসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে আৰু সহযোগিতা আৰু মুক্ত যোগাযোগৰ জৰিয়তে কামসমূহ কৰাৰ বাবে তেওঁ অংগীকাৰবদ্ধ বুলি প্ৰকাশ কৰে। উপ-মুখ্যমন্ত্ৰী, মুখ্য সচিব, প্রশাসনিক সচিব আৰু বিভাগীয় মুৰব্বীসকলে জম্মুৰ পৰা নিজৰ কামসমূহ পুনৰ আৰম্ভ কৰে। উল্লেখযোগ্য যে, কাশ্মীৰ উপত্যকাত প্ৰচণ্ড শীতৰ বাবে চৰকাৰী কাম-কাজ অক্টোবৰৰ পৰা মে’ মাহলৈকে শ্ৰীনগৰৰ পৰা জম্মুলৈ স্থানান্তৰিত কৰা হয়। ইয়াৰ লগতে কাশ্মীৰ উপত্যকাৰ চৰকাৰী কাম-কাজসমূহ শ্ৰীনগৰৰ অসামৰিক সচিবালয়তো আংশিকভাৱে চলি থাকে।
Site Admin | November 11, 2024 8:26 PM | J&K CM Omar Abdullah starts work from winter capital Jammu