নির্বাচন আয়োগে জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত প্রথম পৰ্যায়ত অনন্তনাগ, শ্ব’পিয়ান, কুলগাম, ৰামবান্দ, কিস্তৱাৰ আৰু দ’দা জিলাৰ ২৪টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ২৮ আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব । আনহাতে, ৩০ আগষ্টলৈকে প্রার্থীসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব। এই পৰ্যায়ত প্রায় ৯০ লাখ ভোটদাতাই ভোটদান কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছত বিধানসভা আসনৰ সংখ্যা ৮৩ৰ পৰা ৯০ লৈ বৃদ্ধি হয়।ইয়াৰ ভিতৰত ৭৪ খন আসন সাধাৰণ শ্ৰেণীৰ প্রার্থীৰ বাবে। আনহাতে ৭ খন আসন অনুসূচিত জাতি আৰু ৯ খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। এইবেলি নিৰ্বাচনত ভোটদান কৰিবলগীয়া নাগৰিকসকলৰ ভিতৰত প্ৰায় ২১ লাখ ভোটদাতা ২০ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰৰ। জম্মু-কাশ্মীৰত এইবাৰ নিৰ্বাচনত মুঠ ৮৭ লাখ ৯ হাজাৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪৪ লাখ ৪৬ হাজাৰ পুৰুষ আৰু ৪২ লাখ ৬২ হাজাৰ মহিলা। ইপিনে এই নির্বাচনত ৩ লাখ ৭১ হাজাৰ গৰাকী ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব।
Site Admin | August 20, 2024 5:52 PM | J& K assembly election