জম্মু-কাশ্মীৰত বহু প্রতীক্ষিত বিধানসভা নির্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে মনোনয়নপত্ৰ দাখিল প্রক্রিয়া ২০ আগষ্টত আৰম্ভ হ’ব। আনহাতে ৪ অক্টোবৰত ফলাফল ঘোষণা কৰা হ’ব। জম্মু-কাশ্মীৰ বিধানসভাত ৯০ খন আসন আছে। প্রথম পর্যায়ত ১৮ ছেপ্তেম্বৰত পুলৱামা, অনন্তনাগ, ছপিয়ান, কুলগাম, ৰামবান, কিছৱাৰ আৰু দোদা জিলাৰ ২৪ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। দ্বিতীয় পৰ্যায়ত গান্দেবাল, শ্ৰীনগৰ, বাদগাম, পুঞ্চ, ৰিয়েছি আৰু ৰাজৌৰি জিলাৰ ২৬ খন আসনত ২৫ ছেপ্তেম্বৰত ভোট গ্রহণ কৰা হ’ব। তৃতীয় তথা অন্তিম পৰ্যায়ত এক অক্টোবৰত বান্দিপ’ৰা, কুপৱাৰা, বাৰামুল্লা, উধমপুৰ, জম্মু, চাম্বা আৰু কাঠুৱা জিলাৰ ৪০ খন আসনত ভোটগ্রহণ অনুষ্ঠিত হ’ব। বিজেপি, কংগ্ৰেছ, নেচনেল কনফাৰেন্স, পি ডি পি, অপনী পাৰ্টী, ডেমক্রেটিক প্রগ্রেছিভ আজাদ পার্টী, চি পি আই (এম)সহ সকলো ৰাজনৈতিক দলৰ লগতে জম্মু-কাশ্মীৰৰ সাধাৰণ জনতাই বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণাক আদৰণি জনাইছে। বিধানসভাৰ মুঠ ৯০ খন আসনৰ ভিতৰত ৭৪ খন সাধাৰণ শ্ৰেণীৰ, সাতখন অনুসূচিত জাতি আৰু ৯ খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। জম্মু-কাশ্মীৰৰ মুঠ ৮৭ লাখ ৯ হাজাৰ ভোটদাতাৰ ভিতৰত ৪৪ লাখ ৪৬ হাজাৰ পুৰুষ আৰু ৪২ লাখ ৬২ হাজাৰ মহিলা। এইবাৰ তিনি লাখ ৭১ হাজাৰযুৱক-যুৱতীয়ে প্ৰথমবাৰৰ বাবে ভোট দিব। এইবাৰৰ নিৰ্বাচনত ২০ লাখ ৭০ হাজাৰ যুৱ ভোট দাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। চূড়ান্ত ভোটাৰ তালিকা ২০ আগষ্টত প্ৰকাশ কৰা হ’ব ।
Site Admin | August 17, 2024 5:58 PM | J&K assembly election