জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। হাৰিয়ানাত বিজেপি ৯০ খন আসনৰ ভিতৰত ৪৯ খনত আৰু কংগ্ৰেছ ৩৫ খনত আগবাঢ়ি আছে। জম্মু-কাশ্মীৰ বিধানসভাৰ ৯০ খন আসনৰ ভিতৰত জম্মু-কাশ্মীৰ নেচনেল কনফাৰেঞ্চে ৩৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। বিজেপিয়ে ২৮ খনত আৰু কংগ্ৰেছ ৮ খন আসনত আগবাঢ়ি আছে।
নির্বাচন আয়োগে ভোটগণনাৰ ট্ৰেণ্ড আৰু ফলাফলসমূহ www.eci.gov.in ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগণনা সুৰক্ষিতভাৱে আৰু সুকলমে সম্পন্ন কৰিবলৈ ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। এই ভোটগণনাৰ জৰিয়তে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৮৭৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ’ব। কেন্দ্ৰীয় শাসিত অঞ্চলটোত ২৮টা কেন্দ্ৰত ভোটগণনা কৰি থকা হৈছে। ইয়াৰ ভিতৰত কাশ্মীৰত ১০টা কেন্দ্ৰত ভোটগণনা চলি আছে। জম্মু-কাশ্মীৰৰ ৯০ টা বিধানসভা সমষ্টিৰ বাবে ১৮ ছেপ্তেম্বৰ, ২৫ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত তিনিটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছিল। ইপিনে, হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ২২ খন জিলাত স্থাপন কৰা ৯০টা কেন্দ্ৰত ভোটগণনা চলি আছে। ৯০ জনীয়া হাৰিয়ানা বিধানসভাৰ বাবে ৫ অক্টোবৰত ভোটগ্রহণ কৰা হৈছিল। আজিৰ ভোটগণনাই ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা এহেজাৰ ৩১গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব।