জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কয়, যে ৰাজৌৰী জিলাৰ বাধল গাঁৱত যোৱা ৪৫ দিনত ১৭ জন লোকৰ অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। শ্রীসিনহাই কয়, যে স্বাস্থ্য আৰু অন্যান্য বিভাগৰ যুটীয়া অনুসন্ধান চলি আছে যদিও এই মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিব হোৱা নাই। আৰক্ষীয়ে এই মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে ১১ জনীয়া বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে। ইতিমধ্যে আন্তঃ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় দলে স্থানীয় প্ৰশাসনৰ সহযোগত অনুসন্ধান আৰম্ভ কৰিছে। আন্তঃ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় দলটো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি মন্ত্ৰ্যালয় আদিকে ধৰি কেইবাটাও মন্ত্ৰ্যালয়ৰ বিশেষজ্ঞৰে গঠন কৰা হৈছে। এই দলটোক পশুপালন বিভাগ, খাদ্য সুৰক্ষা আৰু ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ বিশেষজ্ঞসকলে সহযোগিতা আগবঢ়াইছে।
Site Admin | January 20, 2025 12:48 PM | J&K