স্বায়ত্ত শাসিত জম্মু-কাশ্মীৰত অহা ১৮ ছেপ্তেম্বৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ‘ব। প্ৰথম পৰ্যায়ত কাশ্মীৰৰ দক্ষিণৰ চাৰিখন জিলাৰ ১৬ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ‘ব। ইয়াৰ উপৰি বিজবেহাৰা সমষ্টিতো এই পৰ্যায়ত ভোটগ্ৰহণ কৰা হ‘ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। ৰাজনৈতিক দলসমূহৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী সমাবেশ, ৰোড শ্ব‘ আদিত অংশগ্ৰহণৰ জৰিয়তে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ লাখ ৬৬ হাজাৰ যুৱ ভোটদাতাকে ধৰি প্ৰায় ২৩ লাখ ২৭ হাজাৰ ভোটদাতাই তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। অনন্তনাগ জিলাৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি বিজবেহাৰাত প্ৰাক্তন মুখ্যমন্ত্রী মেহবুবা মুটিৰ কন্যা – পিডিপিৰ ইন্টিজা মুটি, বিজেপিৰ ছ‘ফি ইউছুফ আৰু এন চি কংগ্ৰেছৰ বশ্বিৰ আহমেদৰ মাজত তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
Site Admin | September 12, 2024 6:11 PM | J&K
জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ
