ভাৰতীয় জনতা পাৰ্টীৰ জম্মু কাশ্মীৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৪০গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিছে। এইসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অন্যতম। কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, মনোহৰ লাল খট্টৰ, জি কিষাণ ৰেড্ডী, জিতেন্দ্ৰ সিং আৰু শিৱৰাজ সিং চৌহানেও দলৰ হকে প্ৰচাৰ চলাব। উল্লেখযোগ্য যে অহা ২৫ ছেপ্তেম্বৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ‘ব। অহা ৮ অক্টোবৰত ভোটগণনা কৰা হ‘ব।
Site Admin | September 6, 2024 1:11 PM | J&K
জম্মু কাশ্মীৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৪০গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ
