দেশত প্ৰায় ১০ হাজাৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপে প্রায় ১৬৫ বিলিয়ন ডলাৰৰ জৈৱ অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়াইছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে আজি এই কথা প্রকাশ কৰে। এয়োদশ জৈৱ প্ৰযুক্তি ঔদ্যোগিক গৱেষণা সহায়ক পৰিষদ, বি আই আৰ এ চিৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি ড° সিঙে কয় যে ভাৰতে বর্তমান মহাকাশ আৰু জৈৱপ্ৰযুক্তি ক্ষেত্ৰত উল্লেখনীয় সফলতা লাভ কৰা বাবে বিশ্বত স্বীকৃতি লাভ কৰিছে। মন্ত্ৰী ড° সিঙে ভাৰত জৈৱ অৰ্থনীতিৰ প্ৰতিবেদন ২০২৫ আৰু জৈৱ প্ৰযুক্তি ষ্টার্টআপৰ ক্ষেত্ৰত গোলকীয় মাৰ্গদৰ্শক পত্রিকা জৈৱ সাৰথি মুকলি কৰে। ভাৰত জৈৱ অৰ্থব্যৱস্থাৰ প্ৰতিবেদন জৈৱ প্ৰযুক্তি আৰু বি আই আৰ এ চিয়ে প্ৰকাশ কৰে।
Site Admin | March 21, 2025 8:38 PM | Jitrendra singh
দেশত প্ৰায় ১০ হাজাৰ জৈৱ প্ৰযুক্তি ষ্টার্টআপৰ প্রায় ১৬৫ বিলিয়ন ডলাৰৰ জৈৱ অৰ্থব্যৱস্থালৈ বৰঙণি – ড° জিতেন্দ্ৰ সিঙ
