কৰ্মচাৰী, জন অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্য মন্ত্রী ডাঃ জীতেন্দ্র সিঙে আজি নতুন দিল্লীত সু- শাসনৰ পদ্ধতি সম্পৰ্কীয় ৰাষ্ট্রীয় কর্মশালা উদ্বোধন কৰিব। আটাইবোৰ মন্ত্ৰ্যালয় আৰু বিভাগৰ বিষয়ববীয়াসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব। ডঃ সিঙে লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে তত্বাৱধান কৰা স্বচ্ছতা অভিযানৰ চতুৰ্থ পৰ্যায়ৰ উত্তম পদ্ধতিসমূহৰ বিষয়ে প্ৰদৰ্শনী উদ্বোধন কৰিব। ২০২১ পৰা ২০২৪ চনলৈ প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগে আয়োজন কৰা এয়া হৈছে চতুৰ্থখন ৰাষ্ট্ৰীয় কৰ্মশালা। প্ৰতিবছৰে ১৯ৰ পৰা ২৫ ডিচেম্বৰলৈ উদযাপন কৰা সু-শাসন সপ্তাহৰ ই এটা অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈছে।
চতুর্থ সু-শাসন সপ্তাহ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাত কয়, যে সু-শাসন ৰাষ্ট্ৰৰ প্ৰগতিৰ অন্যতম ছাবিকাঠি। জনসাধাৰণৰ সামগ্রিক কল্যাণ আৰু উন্নতিৰ বাবে স্বচ্ছ, দক্ষ আৰু দায়িত্বশীল প্রশাসন ব্যৱস্থা অত্যাৱশ্যকীয় বুলি তেওঁ মন্তব্য কৰে ।