ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অহা বছৰৰ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত কালি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত আয়োজিত এখন সভাত চাহ জনগোষ্ঠীয় সংস্কৃতিৰ সৈতে জড়িত কেইবাগৰাকী লোকশিল্পী, বিশেষজ্ঞ, ওজা প্রশিক্ষকৰ লগতে কেইবাটাও চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে আয়োজন কৰা এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ৭ হাজাৰ ৫০০ গৰাকী পুৰুষ আৰু মহিলা নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰিব।
Site Admin | December 20, 2024 12:18 PM | jhumur record assam cm