চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা বিশ্ব পৰ্যায়লৈ নিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা ঝুমইৰ বিনন্দিনী আজি গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ‘ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে আজি ৮ হাজাৰৰো অধিক নাচনী আৰু কলা-কুশলীয়ে ঝুমইৰ বিনন্দিনীৰ অনুষ্ঠান পৰিৱেশন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত অহা ৬১ গৰাকী ৰাষ্ট্রদূতেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰে ২২ গৰাকী ৰাষ্ট্রদূতে পৰিয়ালৰ সৈতে এই অনুষ্ঠান উপভোগ কৰিব। এই অনুষ্ঠান ৰাজ্যৰ ৮০০ খন চাহ বাগিচাত টিভি, এল ই ডি, প্রজেক্টৰৰ জৰিয়তে চৰকাৰে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে কালিৰ ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰাত উপস্থিত থাকে। এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৰাজ্য চৰকাৰে অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৩৫০ গৰাকী অতিথিৰ উপস্থিতিত আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠান চোৱাৰ বাবে যিসকল লোকে প্ৰৱেশ পত্ৰ লৈছে তেওঁলোকক আজি বিয়লি চাৰে তিনি বজাৰ ভিতৰত ষ্টেডিয়ামত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কালি এখন সংবাদমেলত প্ৰকাশ কৰা মতে আজি সন্ধিয়া চাৰে পাঁচ বজাত ঝুমইৰ বিনন্দিনী অনুষ্ঠান আৰম্ভ হ‘ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ষ্টেডিয়ামত উপস্থিত হৈ এখন বিশেষ বাহনেৰে ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পী আৰু দৰ্শকক অভিবাদন জনাব। ঝুমুৰ নৃত্য শেষ হোৱাৰ পাছত এটা লেজাৰ শ্ব প্ৰদৰ্শন কৰা হ‘ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ সকলো বিধায়কে আমন্ত্রণ জনোৱা হৈছে। ইপিনে কালি ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ চূড়ান্ত আখৰা চাই মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত নতুন দিল্লীত ২৫ হাজাৰ শিল্পীৰ অংশগ্রহণেৰে বৃহৎ পৰিসৰত ঝুমুৰ নৃত্য পৰিৱেশনৰ বাবে ৰাজ্য চৰকাৰে চিন্তা- চৰ্চা কৰা বুলিও উল্লেখ কৰিছে। একেদৰে অহা নৱেম্বৰত বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য বিশ্বৰ প্ৰেক্ষাপটত উপস্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ।