অসমৰ চাহৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে অহা ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ বাবে সৰুসজাইত আজিৰে পৰা কেন্দ্ৰীয়ভাৱে আখৰা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ ৯ হাজাৰৰো অধিক চাহ জনগোষ্ঠীৰ শিল্পীয়ে এই অনুষ্ঠানত ভাগ লৈছে। এই অনুষ্ঠানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয় আৰু সৰুসজাইত প্ৰৱেশ পত্ৰ দি থকা হৈছে। আগ্রহীসকলে এই তিনিও স্থানৰ পৰা প্ৰৱেশ পত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। ২৩ ফেব্ৰুৱাৰীত ঝুমুৰৰ অন্তিম আখৰা অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সেইদিনা প্ৰৱেশপত্র নোহোৱাকৈ এই আখৰা উপভোগ কৰিবৰ বাবে জনসাধাৰণক আহ্বান জনাইছে।
Site Admin | February 21, 2025 6:48 PM | Jhumur Binandini Meet
আজিৰে পৰা সৰুসজাইত কেন্দ্ৰীয়ভাৱে আখৰা ঝুমইৰ বিনন্দিনীৰ
