ঝাৰখণ্ডত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰিব। পৰহিলৈ ৰাজ্যখনৰ ৪৩টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। আমাৰ সংবাদদাতাই জনোৱা মতে এন ডি এ আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ চাৰে ১২ বজাত মেৰা বুথ সবছে মজবুত কার্যসূচীত, ঝাৰখণ্ডৰ দলীয় কার্যকৰ্তাসকলক ভিডিঅ’ কনফাৰেন্সিংযোগে সম্বোধন কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেনৰ সমৰ্থনত চৰাইকেলা বিধানসভা সমষ্টিৰ অন্তৰ্গত আদিত্যপুৰৰ এখন সভাত ভাগত ল’ব। আনহাতে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই আজি পাকী আৰু চত্তৰপুৰ বিধানসভা সমষ্টিত দুখন নির্বাচনী সভাত ভাগ ল’ব। জে এম এমৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে হুছেইনাবাদ, চৰাইকেলা, ইচ্ছাগড় আৰু চিল্লী বিধানসভা সমষ্টিত নির্বাচনী সভাক সম্বোধন কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ভৱন-নাথপুৰ, পালামু, হুছেইনাবাদা, দালটংগঞ্জ আৰু পাকীত কেইবাখনো সভাত ভাগ ল’ব। তাৰকা প্ৰচাৰক অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে বিজেপি প্রার্থী বাবুলাল চোৰেনৰ হৈ ঘাটশিলা বিধানসভা সমষ্টিৰ মাও ভাণ্ডাৰ অঞ্চলৰ চাৰ্কাছ ময়দানত হ’বলগীয়া এখন সভাত অংশগ্ৰহণ কৰিব। আৰ জে ডি, এ জে এছ ইউ আৰু আন ৰাজনৈতিক দলসমূহেও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অঞ্চলত নির্বাচনী সভা অনুষ্ঠিত কৰিব।
Site Admin | November 11, 2024 11:55 AM | jharkhand election