এন ডি এ আৰু আই এন ডি আই মিত্রজোঁটে ঝাৰখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী স্মৃতি ইৰাণীয়ে কালি হাজাৰিবাগৰ এখন নির্বাচনী সভাত ভাষণ দি কয় যে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ নেতাসকলে মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছে। শ্ৰীমতী ইৰাণীয়ে কয় যে জনসাধাৰণে এই ৰাজনৈতিক দলকেইটাৰ গতিবিধি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু তেওঁলোকক আসন্ন বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব। ইপিনে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে চৰাইকেলাৰ এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি স্মৃতি ইৰাণীৰ অভিযোগ খণ্ডন কৰে আৰু মহিলাৰ সবলীকৰণৰ বাবে ভালেমান পদক্ষেপ লোৱা বুলি উল্লেখ কৰে। আৰ জে ডি, এ জে এছ ইউ আৰু চি পি আই – এম এল দলৰ নেতাসকলেও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মন জয়ৰ বাবে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। চি পি আই এমৰ পলিট ব্যুৰো সদস্য বৃন্দা কাৰাটে কালি এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। ৮১জনীয়া ঝাৰখণ্ড বিধানসভাৰ বাবে ১৭ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত কৰা হ’ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব। ২০ নৱেম্বৰত হ’বলগীয়া মহাৰাষ্ট্ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। শাসক আৰু বিৰোধী মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে ভোটদাতাসকলক দলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে নির্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ লৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি বিয়লি নাগপুৰৰ এখন নির্বাচনী সভাত ভাষণ দি জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ আৰু সামাজিক ন্যায় সুনিশ্চিত কৰাৰ স্বাৰ্থত ৫০ শতাংশ সংৰক্ষণৰ সীমা আঁতৰ কৰাৰ দলীয় প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। শ্ৰীগান্ধীয়ে মুম্বাইত দ্বিতীয়খন নির্বাচনী সভাত যুৱ আৰু মহিলাসকলক লক্ষ্য কৰি পাঁচ-দফীয়া প্ৰতিশ্ৰুতি ঘোষণা কৰে। মহা বিকাশ আঘাড়ি মিত্ৰজোঁচৰ সকলো সহযোগী দলে এই সভাত ভাগ লয়৷ ইপিনে, বিজেপিৰ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে কালি অমৰাৱতীত কেইবাখনো নির্বাচনী সভাক সম্বোধন কৰে। তেওঁ ভোটদাতাসকলক ভোটদানৰ সময়ত জাতীয়তাবাদ আৰু সুশাসনৰ কথা মনত ৰাখিবলৈ আহ্বান জনায়। ৰাজ্যখনৰ শাসকীয় বিজেপি, শিৱসেনা আৰু এন চি পিয়ে সমৃদ্ধিশালী মহাৰাষ্ট্ৰ গঢ়াৰ বাবে ১০-দফীয়া কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্যসূচীত খেতিয়কসকলক আর্থিক সকাহ প্রদান, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সামাজিক সুৰক্ষাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হৈছে।
Site Admin | November 7, 2024 1:28 PM | jharkhand election