October 18, 2024 12:02 PM | jharkhand election

printer

ঝাৰখণ্ড বিধানসভাৰ ১৩ নৱেম্বৰত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ’ব। অহা ১৩ নৱেম্বৰত হ’বলগীয়া নিৰ্বাচনৰ বাবে এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩টা সমষ্টি সামৰি লোৱা হ’ব। প্ৰথম পৰ্যায়ৰ বাবে ২৫ অক্টোবৰ মনোনয়পত্র দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২৮ অক্টোবৰত মনোনয়পত্রসমূহ পৰীক্ষা কৰা হ’ব। ইচ্ছুক প্ৰাৰ্থীসকলে ৩০ অক্টোবৰলৈ মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। ৰাজ্যখনত এইবেলি দুটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব। আমাৰ সংবাদদাতাই জনাইছে যে এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটে আসনৰ ভাগ-বাটোৱাৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্যে মিত্ৰ দলসমূহৰ সৈতে আলাপ-আলোচনা অব্যাহত ৰাখিছে। এইবাৰ বিজেপিয়ে এ জে এছ ইউ, জে ডি ইউ আৰু চিৰাগ পাছোৱান নেতৃত্বাধীন এল জে বিৰ সৈতে নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব। ইয়াৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাই কংগ্ৰেছ, ৰাষ্ট্ৰীয় জনতা দল আৰু চি পি আই এম এলৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক