ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে ৬৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৩ নবেম্বৰত ৪৩টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।
Site Admin | November 1, 2024 12:23 PM | Jharkhand