October 24, 2024 1:02 PM | jharkhand election

printer

এন ডি এ আৰু আই.এন.ডি.আই মিত্ৰজোটৰ মাজত অভিযোগ আৰু প্ৰতিঅভিযোগ বৃদ্ধি

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে এন ডি এ আৰু আই.এন.ডি.আই মিত্ৰজোটৰ মাজত অভিযোগ আৰু প্ৰতিঅভিযোগ বৃদ্ধি পাইছে। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপিৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত বাংলাদেশী আৰু ৰোহিংগীয়াৰ অনুপ্ৰৱেশৰ বাবে হেমন্ত চোৰেণ চৰকাৰেই দায়ী বুলি অভিযোগ উত্থাপন কৰাৰ লগতে এইবাৰৰ নিৰ্বাচন ঝাৰখণ্ডক বচাবলৈহে বুলি মত প্ৰকাশ কৰে। আনহাতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা জেএমএম দলৰ কাৰ্যকৰী সভাপতি হেমন্ত চোৰেনে কয় যে বিজেপিয়ে উন্নয়নৰ নামত তেওঁৰ দলৰ নেতাসকলক চোৰাংচোৱাগিৰি কৰি মানুহক বিপথে পৰিচালিত কৰিছে। কাইলৈ প্ৰথম পৰ্যায়ৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। প্রথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে এই পর্যন্ত ২২৫ গৰাকী প্রার্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইফালে, বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলা তালাচী অভিযানত ১৭ কোটি ৫১ লাখ টকাৰো অধিক মূল্যৰ অবৈধ সামগ্ৰী আৰু নগদ ধন জব্দ কৰা হৈছে। নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত এই পর্যন্ত ১৪টা গোচৰ ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে ঝাৰখণ্ডত দুটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হব। প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ ১৩ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ ২০ নৱেম্বৰত অনুষ্ঠিত হব। ২৩ নৱেম্বৰত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক