ডাউনলোড
মোবাইল এপ

android apple
signal

February 14, 2025 1:02 PM | Jayanta Malla Baruah

printer

অনলাইন গৃহ নিৰ্মাণৰ অনুমতি প্ৰণালী নামৰ ডিজিটেল মঞ্চ মুকলি জয়ন্ত মল্লবৰুৱাৰ

ৰাজ্যৰ গৃহ নিৰ্মানৰ অনুমতি লাভৰ ব্যৱস্থাটো সু-শৃংখলিত কৰাৰ উদ্দেশ্যে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি অনলাইন গৃহ নিৰ্মাণৰ অনুমতি প্ৰণালী নামৰ ডিজিটেল মঞ্চ মুকলি কৰে। এতিয়াৰে পৰা নিৰ্মাণৰ অনুমতিৰ বাবে সকলো আৱেদন অনলাইন পৰ্টেলৰ জৰিয়তে দাখিল কৰিব লাগিব। গুৱাহাটীৰ খানাপাৰাৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, এই মঞ্চই ৰাজ্যত নিৰ্মাণৰ অনুমতি প্ৰক্ৰিয়াক অধিক দক্ষ, স্বচ্ছ আৰু দুৰ্নীতি মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মন্ত্ৰীগৰাকীয়ে কয়, যে এই ব্যৱস্থাই নগৰ পৰিকল্পনাত দায়বদ্ধতা বৃদ্ধি কৰি নাগৰিক আৰু ব্যৱসায়ৰ বাবে অসুবিধামুক্ত অভিজ্ঞতা নিশ্চিত কৰিব। এই মঞ্চৰ জৰিয়তে গৃহ নিৰ্মাণৰ অনুমতি প্ৰক্ৰিয়া অধিক সূচল আৰু দুৰ্নীতিমুক্ত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে অনুমোদনৰ উপৰি নিৰ্মাণৰ স্থিতিৰ বিষয়ে অৱগতকৰণ, প্লিনথ স্তৰৰ নিৰীক্ষণ আৰু অধিকাৰ প্ৰমাণ পত্ৰৰ দৰে সেৱাও একেখন মঞ্চত উপলব্ধ হ’ব। যোৰহাট, ডিব্ৰুগড়, নগাঁও, শিলচৰ, নলবাৰী, টিহু, ৰঙিয়া, বৰপেটা, ধুবুৰী, বঙাইগাঁও আদিকে ধৰি ৫০ হাজাৰ বা ইয়াৰ অধিক জনসংখ্যাৰ চহৰসমূহত এই ব্যৱস্থা মুকলি কৰা হৈছে। এই ব্যৱস্থা শীঘ্ৰেই ৰাজ্যৰ আন চহৰসমূহলৈ সম্প্ৰসাৰিত কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক