কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৬ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পর্যটন বজাৰ অনুষ্ঠিত হ’ব। পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই কাজিৰঙাত আজি এই কথা প্ৰকাশ কৰি কয় যে, কাজিৰঙা পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা এই পর্যটন বজাৰত বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটনৰ লগত জড়িত অনুষ্ঠান-প্রতিষ্ঠান তথা ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। ২৮ নৱেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচীত দেশ-বিদেশৰ প্ৰায় ৩০০ গৰাকী প্ৰতিনিধিক কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ লগত পৰিচয় কৰায় দিবলৈ সকলো সুবিধা প্ৰদান কৰা হ’ব। কাজিৰঙাত চলি থকা টুৰিষ্ট গাইড প্রশিক্ষণ কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীবৰুৱাই এই মন্তব্য কৰে। অহা এক অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব আৰু ইয়াৰ আটাইবোৰ পৰ্যটন নিবাসত ইতিমধ্যে আগতীয়া বুকিং সম্পন্ন হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে, মন্ত্ৰী শ্ৰীবৰুৱাই আজি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত কাজিৰঙাত থকা বনানি, বনশ্ৰী আৰু কুঞ্জবন নামৰ তিনিটাকৈ অতিথিশালাৰ নৱীকৰণ আৰু উন্নয়নৰ পৰ্যৱেক্ষণো কৰে। ৰাজ্যখনৰ পর্যটন আন্তঃগাঁথনি বিকাশৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ পৰ্যটন ক্ষেত্ৰৰ অতিথিশালাসমূহ ন-ৰূপত সজাই তোলা বুলি তেওঁ জানিবলৈ দিয়ে।
Site Admin | September 24, 2024 7:33 PM | jayanta mall kaziranga 26 november