অসমৰ যশস্বী সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰে। ১৯৪৩ চনৰ ২০ চেপ্তেম্বৰত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ ১৯৭৭ চনৰ আজিৰ দিনটোতে দেহাৱসান হৈছিল। একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা গায়ক হিচাপে জনমানসত প্ৰতিষ্ঠা লাভ কৰা শিল্পীগৰাকীয়ে ৬০ ৰ দশকত অসমীয়া সংগীত জগতত আত্মপ্ৰকাশ কৰি কম সময়ৰ ভিতৰতে অগণন শ্রোতা জনতাক নিজৰ সংগীতেৰে মুগ্ধ কৰিছিল। স্বকীয় সংগীতৰ ধাৰাৰে অসমৰ সংগীতপ্রেমীক নতুনত্বৰ সোৱাদ দিয়া হাজৰিকাই নিজৰ সংগীতত অসমীয়া লোক সংগীতৰ লগতে হিন্দুস্থানী ধ্রুপদী সংগীত আৰু পশ্চিমীয়া সংগীতৰো সংমিশ্রন ঘটাইছিল। বনৰীয়া ফুল, বৃষ্টি, নিয়তি, আৰু ধৰ্মকাই ছবিৰ সংগীত পৰিচালনা কৰা হাজৰিকাৰ সংগীত পৰিচালনা কৰা ছবি নতুন আশা তেওঁৰ মৃত্যুৰ পাছত পত্নী মনিষা হাজৰিকাই সংগীতেৰে সম্পূৰ্ণ কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰসিদ্ধ শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মুখ্যমন্ত্ৰী শর্মাই সামাজিক মাধ্যম যোগে কৈছে যে, জয়ন্ত হাজৰিকাৰ যাদুকৰী কণ্ঠ আৰু সুৰৰ স্বকীয় শৈলীয়ে অসমীয়া সংগীতক নতুন মাত্রা দিছিল। প্ৰতিটো প্ৰজন্মৰ শিৰাই শিৰাই প্ৰবাহিত হৈ থকা শিল্পীগৰাকীৰ গীতসমূহে তেখেতক প্ৰতিগৰাকী শ্ৰোতাৰ হৃদয়ত চিৰকাল জীয়াই ৰাখিব বুলি তেওঁ প্ৰকাশ কৰিছে।
Site Admin | October 15, 2024 7:19 PM | Jayanta Hazarika