ডাউনলোড
মোবাইল এপ

android apple
signal

December 21, 2024 8:07 PM | Jayanta Malla Baruah

printer

৬৫ হাজাৰ লোকক অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত পানী সংযোগ প্ৰদান কৰা হ’ব বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

গুৱাহাটী জল বোৰ্ডৰ অধীনত মহানগৰৰ ৬৫ হাজাৰ লোকক অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত পানী সংযোগ প্ৰদান কৰা হব বুলি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। বিভাগীয় মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পাছতে আজি তেওঁ জ্যেষ্ঠ সম্পাদক আৰু সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ জনসাধাৰণৰ জীৱন শৈলীৰ সৰ্বাংগীন উন্নয়নৰ হকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অংশত হোৱা কৃত্রিম বানৰ সমস্যা সমাধানৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা মিছন ফ্লাড-ফ্রী শীৰ্ষক অভিলাষী আঁচনিত আলোকপাত কৰে। এই ক্ষেত্ৰত তেওঁ শক্তিশালী নিষ্কাষণ ব্যৱস্থা গঢ়ি তোলা তথা গুৱাহাটী মহানগৰীক অধিক স্বচ্ছ আৰু বাসোপযোগী কৰি তোলাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে গুৱাহাটীৰ যান-জঁটৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মত প্ৰকাশ কৰে। আনহাতে প্ৰতিটো ঘৰতে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে চৰকাৰে আৰম্ভ কৰা জলজীৱন মিছনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ ৮২ শতাংশ ঘৰত নলযোগে পানীসংযোগ প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত প্রয়োজনীয় অঞ্চল চিনাক্তকৰণত সংবাদমাধ্যমে বিশেষ ভূমিকা পালন কৰিছে বুলি শ্ৰীবৰুৱাই উল্লেখ কৰে। চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা যোগাযোগৰ ব্যৱধান দূৰ কৰাত সংবাদমাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক