ডাউনলোড
মোবাইল এপ

android apple
signal

জাপানৰ ১৬০গৰাকীৰো অধিক বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি টকিঅ’ত জাপানৰ ১৬০ গৰাকীৰো অধিক বিশিষ্ট ব্যৱসায়ীক সাক্ষাৎ কৰি বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ আমন্ত্ৰণ জনায়। সাক্ষাৎকালত অসমৰ অৰ্থনৈতিক সাফল্য আৰু ব্যৱসায়িক সুচলতাৰ বিষয়ে উল্লেখ কৰি ড° শৰ্মাই ভাৰত আৰু জাপানৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰে। তিনিদিনীয়া দক্ষিণ কোৰিয়া ভ্রমণসূচী সামৰি জাপানত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিঃৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগমন্ত্ৰী কোগা য়ুইচিৰোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ বাবে অসমৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই জাপান চৰকাৰৰ কাৰিকৰী শিক্ষানৱিছ প্ৰশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতা কর্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্ব’ত অংশ লৈ দেশখনৰ আগশাৰীৰ উদ্যোগ আৰু ব্যৱসায় জগতৰ কাণ্ডাৰীসকলৰ সৈতে মত বিনিময় কৰি অসমৰ আকৰ্ষণীয় অর্থনৈতিক বিকাশ আৰু ব্যৱসায়ৰ সূচলতা সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ ভাৰত আৰু জাপানৰ মাজত শক্তিশালী অর্থনৈতিক সম্পর্কক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত অসমৰ অৰ্থনৈতিক বিকাশ আৰু ব্যৱসায়িক সূচলতাৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়। উদ্যোগপতি আৰু সাম্ভাৱ্য বিনিয়োগকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ছিংগল উইণ্ড’ মেকানিজম্ আৰু ৩ মিলিয়ন মার্কিন ডলাৰৰ উৎপাদন সংযোজিত ব্যৱস্থাই অসমত বিনিয়োগৰ সুযোগ আৰু সুবিধাৰ ক্ষেত্ৰত এক পৰিৱেশ নিৰ্মাণ কৰি তুলিছে বুলি কয়। উল্লেখযোগ্য যে ড০ শৰ্মাই বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে জাপানৰ ইডোগ’ৱাত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। জাপানত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰখনত থকা প্ৰৱাসী অসমীয়াসকলে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনায় আৰু থলুৱা পিঠা-পনাৰে আপ্যায়ন কৰে। ভাৰত-জাপান সম্পৰ্কত অসমৰ বিশেষ ভূমিকাক গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে ২০১৪ চনৰ তুলনাত অসমে অহা বছৰৰ ভিতৰত ইয়াৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি কৰিবলৈ আগবাঢ়িছে।

অধিক পঢ়ক

সকলো চাওক